ৰাষ্ট্ৰীয়

শোকাৱহ! বিয়া খাই উভতি অহাৰ পথত দুৰ্ঘটনাক প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, আহত ৫জন…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বিয়া খাই উভতি অহাৰ পথত দুৰ্ঘটনাক প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন ৫ জনকৈ লোক।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰগঞ্জৰ বৰাৱন বন্ধোৱা বজাৰৰ সমীপত।

লক্ষ্ণৌৰ পৰা উভতি অহাৰ সময়তে মীৰগঞ্জৰ বাৰাৱান বন্ধৱা বজাৰৰ ৰায়বৰেলীৰ চেলোন চহৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, বাৰাৱা বান্ধৱা বজাৰৰ বাসিন্দা মহম্মদ তাৰিকে ১১ নৱেম্বৰত গাড়ীৰে পৰিয়ালৰ সৈতে লক্ষ্ণৌত এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।

কিন্তু সোমবাৰে উভতি অহাৰ সময়তে তেওঁৰ গাড়ীখন ৰায়বৰেলীৰ চেলোন চহৰৰ সমীপত ৰায়বৰেলী-জৌনপুৰ ঘাইপথত এজন বাইক আৰোহীক বচাবলৈ গৈ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।

যাৰ ফলত মহম্মদ তাৰিক (৩৫) আৰু তেওঁৰ পুত্ৰ আয়ুব (২)ৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে দুৰ্ঘটনাত আহত হয় তাৰিক ভাতৃ ৱাদুদৰ পত্নী ছাবিনা বানো (৪২), তাৰিকৰ পত্নী খুছবু (২৮), তাৰিকৰ পুত্ৰ ইউছুফ (৬) আৰু ইব্ৰাহিম (৪) আৰু ৱাদুদৰ কন্যা ইফ্ৰা (৮)।

আহত সকলক ততাতৈয়াকৈ নিকটবৰ্ত্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Back to top button