নাগালেণ্ড

শোকাৱহ! বতাহৰ ফলত গছ বাগৰি পৰি থিতাতে নিহত এগৰাকী মহিলা, কেইবাজনো আহত…

এক ভয়ংকৰ ঘটনা।

বতাহৰ ফলত হঠাতে গছ উঘলি পৰি থিতাতে নিহত হ’ল এগৰাকী মহিলা, আহত কেইবাজনো।

ডিমাপুৰৰ চুপাৰ মাৰ্কেট অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

বুধবাৰে ডিমাপুৰৰ চুপাৰমাৰ্কেট এলেকাত বতাহৰ ফলত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে মৃত মহিলাগৰাকী পদপথৰ দোকানী আছিল।

image 99

আহতসকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

আহত গৰ্ভৱতী মহিলাগৰাকী মৃত মহিলাগৰাকীৰ ভগ্নী বুলি জানিব পৰা গৈছে।

সম্প্ৰতি আহতসকল ডিমাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related Articles

Back to top button