অসম

শোকাৱহ! তীব্ৰবেগী ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত কিশোৰ ৰক্তিম দাস, আহত মাতৃ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী ১২ বছৰীয়া কিশোৰ।

আনহাতে গুৰুতৰভাৱে আহত হয় কিশোৰজনৰ মাতৃ।

বৰক্ষেত্ৰীৰ দৌলাশালৰ বৰলিয়াৰপাৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত পতিত দুই মাতৃ-পুত্ৰ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ এলেকাধীন হিল্লা ভেল্লাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, গুৱাহাটীৰ পৰা চেঙাৰ নিজ গৃহলৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS01 DD0468 নম্বৰৰ ট্ৰাক আৰু AS01D B6945 নম্বৰৰ স্কুটীখনৰ মুখামুখী সংঘৰ্ষৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত থিতাতে নিহত ১২ বছৰীয়া ৰক্তিম দাস নামৰ কিশোৰজনৰ লগতে গুৰুতৰভাৱে আহত হয় স্কুটী চালক মাতৃ দময়ন্তী দাস।

গুৰুতৰভাৱে আহত দময়ন্তী দাসক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button