অসম-বংগ সীমান্তত অবৈধভাৱে বাহনৰ পৰা ধন সংগ্ৰহ কৰা চক্ৰ উৎখাত, ৯ জনক আটক…

অবৈধভাৱে বাহনৰ পৰা ধন সংগ্ৰহ কৰা চক্ৰ উৎখাত আৰক্ষীৰ।

গোঁসাইগাঁৱৰ শ্ৰীৰামপুৰত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগত আটক ৯জন।

গোঁসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই সীমান্ত এলেকাত অবৈধভাৱে বিভিন্ন বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ৯জন লোকক আটক কৰে।

অসম-বংগ সীমান্ত শিমুলটাপু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল এই অভিযান।

ধৃত লোককেইজন গোঁসাইগাঁও মহকুমাৰ বিভিন্ন এলেকাৰ নিৰোজিৎ বসুমতাৰী, মনোজ শ্বাহ, সঞ্জয় সৰকাৰ, মহম্মদ আবুল চামামণ্ডল, মহম্মদ আখতাৰ হুছেইন, ধনদাদ বসুমতাৰী, মহম্মদ আবুবক্কৰ ছিদ্দিক, মহম্মদ মফিজুল ইছলাম আৰু মহম্মদ আব্দুল খালেক মণ্ডল।