fbpx
অসমঅসমীয়া

শোকাৱহ! ট্ৰাকৰ খুন্দাত জ্বলি ভস্মীভূত বিবাহ যাত্ৰীৰ বাহন, এজনৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ট্ৰাকৰ সৈতে সংঘৰ্ষৰ পাছতে জ্বলি উঠিল বিবাহ যাত্ৰী কঢ়িওৱা বাহন।

এই দুৰ্ঘটনাত মৃত্যু এজনৰ, আহত শিশুসহ ৬ জন আৰােহী।

6-14

এই ঘটনাৰ স্থান নগাঁও জিলাৰ কলিয়াবৰ দেওচুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাকৰ সৈতে সংঘৰ্ষৰ পাছতে ৰাজপথত দাওদাওকৈ জ্বলি উঠে এএছ ০১ই এইচ ২৫১৫ নম্বৰৰ বিবাহ যাত্ৰী কঢ়িয়াই নিয়া এখন হোণ্ডাই বাহন।

দুৰ্ঘটনাত থিতাতে নিহত হৈছে চালক চন্দন বাছা। জখলাবন্ধা চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।

আনহাতে, আহত শিশুসহ ৬জন আৰোহীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, জখলাবন্ধাৰ পৰা কুঠৰীত বিয়াৰ জুৰুণৰ বাবে গৈছিল ৬ জনীয়া পৰিয়ালটাে।

নিহত চন্দন বাছাৰ ১ বছৰীয়া পুত্ৰ নিবিৰ বাচাৰ উপৰি নন্দন বাছা, সুজিত বাছা, চুচুমা বাছা আৰু দীপা পাল আহত।

লগতে চাওকঃ

‘অপহৃত’ ছাত্ৰীক উদ্ধাৰ, অপহৰণ-ধনদাবীৰ অভিযােগ অস্বীকাৰ

G6

Related Articles

Leave a Reply

Back to top button