অসমঅসমীয়া

‘অপহৃত’ ছাত্ৰীক উদ্ধাৰ, অপহৰণ-ধনদাবীৰ অভিযােগ অস্বীকাৰ

নিউজ ডেস্ক। দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাত অধ্যয়নৰত একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মাতৃয়ে ছাত্ৰীগৰাকীৰ অপহৰণ আৰু অপহৰণকাৰীয়ে ৫ লাখ টকা মুক্তিপণ দাবী কৰা ঘটনাই নতুন মােৰ লৈছে।

আৰক্ষীয়ে ‘অপহৃত’ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰাৰ পাছতে নিজ মুখে অপহৰণৰ অভিযােগ নস্যাৎ কৰিলে ছাত্ৰীগৰাকীয়ে।

1-2

নিজ ইচ্ছা অনুসৰিয়েই এজন বন্ধুৰ সৈতে ফুৰিবলৈ যােৱা বুলি প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীয়ে। লগতে তাইক কােনাে লােকে অপহৰণ কৰা নাছিল বুলিও কয় ছাত্ৰীগৰাকীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ছাত্ৰীগৰাকীয়ে নিজৰ প্ৰেমিকৰ সৈতে নলবাৰীলৈ গৈছিল। অৱশ্যে এই পৰ্যন্ত কােনাে সন্ধান নাই এই প্ৰেমিকজনৰ।

উল্লেখ্য শােণিতপুৰ জিলাৰ তেজপুৰৰ শংকৰ নগৰ নিবাসী ছাত্ৰীগৰাকীক বৃহস্পতিবাৰে দুপৰীয়া কােনাে লােকে মহাবিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পথত অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল মাতৃগৰাকীয়ে।

2-2

আনকি অপহৰণকাৰীয়ে পৰিয়াললৈ ফােনযােগে ৫ লাখ টকা মুক্তিপণ দাবী কৰা বুলিও এজাহাৰত উল্লেখ কৰিছিল ছাত্ৰীগৰাকীৰ মাতৃয়ে, যাৰ পাছতে এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল।

এই ঘটনা সন্দৰ্ভত মাতৃ মৃদুলা দেৱীয়ে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

লগতে চাওকঃ

মৰ্মান্তিক! তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত চাইকেল আৰােহী সপ্তম শ্ৰেণীৰ ছাত্ৰী

G3

Leave a Reply

Your email address will not be published. Required fields are marked *