অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! ৰেলপথৰ ওপৰত থিয় হৈ ৰীল ভিডিঅ’ বনাই থাকোতেই তীব্ৰবেগত আহিল ৰে’ল, ২ কিশোৰৰ মৃত্যু

নিউজ ডেস্কঃ ৰেলপথত থিয় হৈ ৰীল ভিডিঅ’ বনাই থাকোতেই তীব্ৰবেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ২ কিশোৰৰ।

বিহাৰৰ খগড়িয়াত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

পহিলা জানুৱাৰীত মন্দিৰ দৰ্শন কৰিবলৈ আহি ৰে’ল দলঙৰ ট্ৰেকত থিয় হৈ ৰীল ভিডিঅ’ বনাই থাকোতেই ৰে’লৰ খুন্দাত মৃত্যু ঘটে কিশোৰ দুজনৰ।

ইফালে সেই সময়ত ৰে’লৰ খুন্দাৰ পৰা বাচিবলৈ ৰে’ল দলঙৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত হয় আন এজন কিশোৰ।

জানিব পৰা মতে, খগড়িয়াৰ মানসী ব্লকৰ বালহা গাঁৱৰ নিৱাসী নীতিশ (১৬), সোণু (১৭) আৰু অমৰ কুমাৰ (১৮) নামৰ কিশোৰ কেইজনে পহিলা জানুৱাৰীত ধমৰা ঘাটৰ মন্দিৰ দৰ্শনৰ বাবে আহিছিল।

সেই সময়ত কিশোৰ কেইজনে মানসী-চহৰছা ৰে’লপথৰ ধমৰা ঘাট ষ্টেছনৰ সমীপৰ এখন ৰে’ল দলঙৰ ওপৰত থিয় হৈ ৰীল ভিডিঅ’ বনাই থাকোতেই শোকাবহ ঘটনাটো সংঘটিত হয়।

ইফালে ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দলঙৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত হোৱা কিশোৰ জনকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Articles

Back to top button