fbpx
অসমীয়াঅসম

শোকাবহ! সৰস্বতী পূজাৰ আনন্দৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰু ট্ৰাকত খুন্দা বাহনৰ, সাজি কাচি পূজালৈ অহা দুই কিশোৰীৰ মৃত্যু

নিউজ ডেস্কঃ গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা মটৰ চাইকেল আৰু ট্ৰাকত খুন্দা চাৰিচকীয়া বাহনৰ।

দুৰ্ঘটনাত থিতাতে নিহত সৰস্বতী পূজালৈ বুলি ওলাই অহা দুগৰাকী কিশোৰী।

ধুবুৰীৰ গুৰু টেগ বাহাদুৰ পথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

জানিব পৰা মতে, এএছ ১৭জে ৫২২৪ নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিত ৰখাই থোৱা দুখন বাইক আৰু এখন ট্ৰাকত।

এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় কিশোৰী দুগৰাকীয়ে।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা আন ৫ জন লোক।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত সকলক প্ৰেৰণ কৰে হাস্পতাললৈ।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button