
নিউজ ডেস্কঃ এফালে শিক্ষকৰ কুকীৰ্তিক লৈ চৰ্চা, আনফালে এমুঠি ভাতৰ বাবেই হাহাকাৰ কৰিবলগীয়া হৈছে শিক্ষা বৃত্তিৰে জড়িত একাংশ প্ৰকৃত শিক্ষকে।
ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলাই নিজেই অন্ধকাৰ ভৱিষ্যতৰ আশংকাত শংকিত জীৱন পাৰ কৰি আহিছে বেতনবিহীন একাংশ শিক্ষকে।
তেনে এগৰাকী শিক্ষকেই জীৱন চলাবলৈ লোৱা ধাৰৰ বোজাত বুৰ গৈ অৱশেষত বাচি ল’লে চৰম পথ।
নগাঁও জিলাৰ কচুৱাৰ ১নং গৰুবন্ধাৰ ভেন্সাৰ স্কুলৰ শিক্ষকগৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনাই শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।
জানিব পৰা মতে, ১নং গৰুবন্ধা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণচৰণ বিশ্বাসে পুথিমাৰীৰ বাসগৃহৰ পিছফালে গছত চিপ লৈ আত্মহত্যা কৰে।
সুদীৰ্ঘ ২৫ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা কৃষ্ণচৰণ বিশ্বাসে জীৱনৰ ৰথ চলাবলৈ ল’বলগীয়া হৈছিল ধাৰ।
যাৰ ফলত মূৰৰ ওপৰত পৰা অত্যাধিক ধাৰৰ বোজা আৰু পৰিয়াল পোহপাল দিব নোৱাৰাৰ বাবে শেহতীয়াকৈ তীব্ৰ হতাশাত ভুগিছিল শিক্ষকগৰাকী।
১৯৯৪ চনৰ পৰাই অপ্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি অহা কৃষ্ণচৰণ বিশ্বাসৰ বাবে পৰিয়াল চলোৱাৰ একমাত্ৰ উপায় আছিল টিউশ্যন কৰি পোৱা সামান্য টকা কেইটা।
কিন্তু মূল্যবৃদ্ধিৰ দৌৰত সেই টকা কেইটাৰে তেওঁ পৰিয়াল পোহপাল দিয়াত সন্মুখীন হৈছিল তীব্ৰ অসুবিধাৰ।
এনে কাৰণতে চিপ লৈ শিক্ষকগৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ তুলিছে পত্নী আৰু শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই।
কৃষ্ণচৰণ বিশ্বাসৰ পৰিয়ালক চৰকাৰীভাৱে আৰ্থিক সাহায্য দি পৰিয়ালটিক সকাহ দিয়াৰ বাবে দাবী জনাইছে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই।