fbpx
অসমীয়াঅসম

শোকাবহ! মাজুলী আঁহতগুৰি উৎসৱৰ ভাওনাৰ মঞ্চত ৰাইজৰ আশীষ লোৱাৰ সময়তে আকস্মিক মৃত্যুক সাৱটি ল’লে সমাজকৰ্মী ৰামেশ্বৰ নেওগে…

নিউজ ডেস্কঃ ভাওনাৰ মঞ্চত ৰাইজৰ সন্মুখত সেৱা লোৱাৰ সময়তে ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে।

সোমবাৰে নিশা এই শোকাবহ ঘটনা সংঘটিত হয় মাজুলীৰ আঁহতগুৰিৰ শিকলি চাপৰিত।

শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ মণিকাঞ্চন সংযোগস্থলী পুনৰুজ্জীৱিত কৰাৰ মানসেৰে আয়োজন কৰা সদৌ অসম মাজুলী আঁহতগুৰি উৎসৱৰ মঞ্চত সংঘটিত হয় এই শোকাবহ ঘটনা।

image 151

জানিব পৰা মতে, তিনিদিনীয়াকৈ আয়োজন কৰা উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে নিশা মঞ্চত আয়োজন কৰা হৈছিল ভাওনাৰ।

এই ভাওনা কাৰ্যসূচীৰ অন্তত ৰাইজৰ আশীষ বিচাৰি সেৱা লোৱাৰ সময়তে আকস্মিকভাৱে মৃত্যুক সাৱটি লয় উৎসৱৰ এগৰাকী নিষ্ঠাবান সেৱক তথা শাখা সন্মিলনসমূহৰ মুখ্য আহ্বায়ক ৰামেশ্বৰ নেওগে।

image 152

নাৰায়ণপুৰৰ যমুনাঘাট নিবাসী বিশিষ্ট সমাজকৰ্মীৰ বিয়োগে মৰ্মাহত কৰিছে সমগ্ৰ মাজুলীবাসীক।

ইফালে নেওগৰ বিয়োগৰ পিছত তৃতীয় অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচী সালসলনি কৰা হোৱাৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাও বাতিল কৰা হয়।

image 153

অন্তিম দিনাৰ কাৰ্যসূচীতে প্ৰয়াত ৰামেশ্বৰ নেওগক মৰণোত্তৰভাৱে আঁহতগুৰি গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!