অসম

ভাল খবৰ! সংগীত নাটক একাডেমীৰ সচিব পদত নিযুক্ত হ’ল প্ৰথমগৰাকী অসমীয়া…

নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে সংগীত নাটক একাডেমীৰ সচিব পদত অধিষ্ঠিত হ’ল এগৰাকী অসমীয়া।

সংগীত নাটক একাডেমীৰ সন্মানীয় সচিব পদত নিযুক্তি প্ৰদান অসমৰ ৰাজু দাসক।

সোমবাৰে একাডেমীৰ সচিব পদৰ দায়িত্ব গ্ৰহণ কৰে ৰাজু দাসে।

image 148

উল্লেখ্য যে, শিৱসাগৰৰ কুমৰপুৰ গাঁৱৰ নিৱাসী ৰাজু দাসে লক্ষ্ণৌৰ পৰা সংগীত শিক্ষা গ্ৰহণ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰি অহা দাসে ২০০৫ চনত সংগীত নাটক একাডেমীত প্ৰগ্ৰাম অফিচাৰ হিচাপে যোগদান কৰে।

image 149

গুৱাহাটীত সত্ৰীয়া কেন্দ্ৰ স্থাপনৰ বাবে ১০ বছৰ ধৰি প্ৰচেষ্টা চলোৱা ৰাজু দাসে পৰৱৰ্তী সময়ত একাডেমীৰ সহকাৰী সচিব (সমন্বয়) পদত নিযুক্তি লাভ কৰে।

সমগ্ৰ দেশৰ ধ্ৰুপদী নৃত্য আৰু সংগীতৰ প্ৰসাৰৰ বাবেও অগ্রণী ভূমিকা পালন কৰি আহিছে এইগৰাকী অসমীয়াই।

একাডেমীৰ সচিব পদত নিযুক্তি লাভ কৰাৰ পিছতে সাংবাদিকৰ সৈতে মত বিনিময় কৰি দাসে কয় যে এয়া তেওঁৰ বাবে এক গৌৰৱৰ ক্ষণ।

image 150

গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ তথা অসম আৰু সমগ্ৰ দেশবাসীৰ আশীৰ্বাদৰ বাবেই তেওঁ এই পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৰাজু দাসে।

দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ ইচ্ছা ব্যক্ত কৰে সুযোগ্য অসম সন্তানগৰাকীয়ে।