fbpx
অসমীয়াত্ৰিপুৰা

শোকাবহ! ভাৰত-বাংলাদেশ সীমান্তত সন্ত্ৰাসবাদীৰ আকস্মিক আক্ৰমণত শ্বহীদ বিএছএফৰ জোৱান

নিউজ ডেস্কঃ ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুদূৰ খাংলাং সীমান্ত চকীৰ সমীপত সন্ত্ৰাসবাদীৰ আকস্মিক আক্ৰমণত শ্বহীদ হয় ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান।

এই তথ্য প্ৰকাশ কৰি বিএছএফ সূত্ৰই সদৰী কৰা মতে কাঞ্চনপুৰ মহকুমাৰ সীমা-দ্বিতীয় আউটপোষ্ট এলেকাত বিএছএফৰ এটা টহলদাৰী দলে অভিযান চলাই থকাৰ সময়তে বাংলাদেশৰ ফালৰ পৰা গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। যাৰ ফলত এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে আহত হয় আন এগৰাকী জোৱান।

image 145

এই আক্ৰমণৰ আঁৰত ত্ৰিপুৰৰ বিদ্ৰোহী সংগঠন এনএলএফটি জড়িত থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষী অধীক্ষক কিৰণ কুমাৰে জানিবলৈ দিয়া মতে, বাংলাদেশৰ ৰঙামাটি পাহাৰ জিলাৰ জুপুঅ অঞ্চলৰ পৰা বিএছএফৰ জোৱানৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।

সন্ত্ৰাসবাদীৰ এই আকস্মিক আক্ৰমণত ৪টা গুলী লাগে বিএছএফৰ ১৪৫ বেটেলিয়ানৰ হেড কনিষ্টবল গিৰজেশ কুমাৰ উড্ডেৰ শৰীৰত। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও আধা বাটতে শ্বহীদ হয় জোৱানগৰাকী।

ইফালে এই ঘটনাৰ পিছতে ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ সৈতে আলোচনা কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ যাৱতীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!