অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শোকাবহ! বিদেশৰ মাটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ভাৰতীয় মহিলা চিকিৎসক-মডেলৰ…

নিউজ ডেস্কঃ বিদেশত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী ভাৰতীয় মহিলা চিকিৎসকৰ।

আমেৰিকাৰ হিউষ্টনত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত সংঘৰ্ষত থিতাতে মৃত্যু ঘটে প্ৰৱাসী ভাৰতীয় মহিলা চিকিৎসক ডা০ মিনি ভেট্টিকাল (৫২)ৰ।

বাতৰি অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ৪ বজাত স্কট ষ্ট্ৰীটত সংঘটিত হয় এই দুৰ্ঘটনা।

এজন বাইক আৰোহীয়ে চিকিৎসকগৰাকীৰ চাৰিচকীয়া বাহনত খুন্দা মৰাত চিকিৎসকগৰাকীৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে বাইক আৰোহীজনৰো।

প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি পৰিয়ালসহ হিউষ্টনত বাস কৰি অহা ডা০ মিনি ভেট্টিকাল চিকিৎসক হোৱাৰ উপৰিও এগৰাকী ভাল নৃত্যশিল্পী, মডেল আৰু ভ্লগাৰ হিচাপে পৰিচিত আছিল।

Related Articles

Back to top button