অসমীয়াআন্তঃৰাষ্ট্ৰীয়
শোকাবহ! বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ বাছৰ বাবে অপেক্ষা কৰি থাকোতেই তীব্ৰবেগী বাহনে মহটিয়াই নিলে ভাৰতীয় ছাত্ৰীক, মৃত্যু…

নিউজ ডেস্কঃ বহিঃৰাষ্ট্ৰত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী ভাৰতীয় ছাত্ৰীৰ।
নৰ্থ ইংলেণ্ডৰ লিডছত বুধবাৰে বাছ ষ্টপত ৰৈ থকা ভাৰতীয় ছাত্ৰীগৰাকীক এখন চাৰিচকীয়া বাহনে মহটিয়াই লৈ যায়।
এই দুৰ্ঘটনাটোত ভাৰতীয় ছাত্ৰী আথিৰা অনিলকুমাৰ লালী কুমাৰীৰ থিতাতে মৃত্যু ঘটে।
জানিব পৰা মতে, কেৰালাৰ তিৰুৱান্তপুৰমৰ নিৱাসী আথিৰাই মাত্ৰ এমাহ পূৰ্বে লিডছ বেকেট বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে নামভৰ্তি কৰিছিল।
ইয়ৰ্কশ্বাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আথিৰাই আন এগৰাকী ব্যক্তিৰ সৈতে বাছ ষ্টপত বাছৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে এখন ক’লা ৰঙৰ ফক্সৱেগন গ’ল্ফ বাহনে তীব্ৰবেগত আহি ছাত্ৰীগৰাকীক খুন্দা মাৰে।
এই দুৰ্ঘটনাত আথিৰাৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে কাষত থিয় হৈ থকা ৪৪ বৰ্ষীয় আনজন পথচাৰী গুৰুতৰভাৱে আহত হয়।
ইফালে এই দুৰ্ঘটনাৰ পিছত বাহনখনৰ চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।