
নিউজ ডেস্কঃ এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে ভাৰতত অধ্যয়নৰত ভূটানৰ এজন ছাত্ৰই। হাৰিয়ানাৰ আম্বালাস্থিত মুলানা বিশ্ববিদ্যালয়ৰ বিচিএৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ভূটানৰ নিৱাসী ট্চেৰিং পেলজোৰ ৱাংডিৰ শুকুৰবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু ঘটে।
ইফালে এই দুৰ্ঘটনাত আহত আন এজন ছাত্ৰ বৰ্তমান মুলানা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা বন্ধু বিবেক ৰায়ৰ সৈতে বাইকেৰে ব্ৰাৰাৰ পৰা বিশ্ববিদ্যালয়লৈ উভতি আহিছিল ৱাংডি। গাঁৱৰ হোলী বাছ ষ্টেণ্ডৰ সমীপত তেওঁলোকৰ বাইকখনত এখন অচিনাক্ত বাহনে খুন্দা মৰাত দুয়োজন ছাত্ৰ পথৰ ওপৰত বাগৰি পৰে।

এই দুৰ্ঘটনাত ট্চেৰিং পেলজোৰ ৱাংডিৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় বিবেক ৰায় নামৰ আনজন ছাত্ৰ।
বিচিএৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ বিবেক ৰায়ে জনোৱা মতে, তেওঁ মুলানা বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেশ্যনেল হোষ্টেলত (১৪ নম্বৰ) থাকে। শুকুৰবাৰে নিশা তেওঁ কিছু কামৰ বাবে বৰাডালৈ গৈছিল। তাৰ পৰা উভতি আহোঁতে এখন অচিনাক্ত বাহনে বাইকত খুন্দা মাৰে। দুৰ্ঘটনাটোত দুয়োজনেই আহত হয় যদিও তেওঁৰ বন্ধু ৱাংডিয়ে মূৰ আৰু ভৰিত অধিক আঘাত পাই প্ৰাণ হেৰুৱায়।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনখনৰ চালকজনে গাড়ীৰ পৰা এখন্তেকৰ বাবে নামি আহিছিল যদিও দুয়োজনক ৰক্তাক্ত অৱস্থাত দেখি গাড়ীখন তাতে থৈ পলায়ন কৰে। পিছত পথচাৰীয়ে আহত যুৱক দুজনক হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যেই মৃত্যু ঘটিছিল ভূটানৰ ৱাংডিৰ।
অন্যহাতে গোচৰটোৰ তদন্ত কৰি থকা মুলানা আৰক্ষী থানাৰ এ এছ আই নবীন কুমাৰে জনোৱা মতে, ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা হৈছে। ছাত্ৰজনৰ পৰিয়ালৰ লোকক অৱগত কৰাৰ সমান্তৰালভাৱে দূতাবাসতো তথ্য দিয়া হৈছে। একে সময়তে আহত ছাত্ৰজনৰ বক্তব্য ৰেকৰ্ড কৰাৰ পিছত অভিযুক্ত চালকজনৰ বিৰুদ্ধে ২৭৯, ৩৩৭, ৩০৪-এ আৰু ৪২৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।