শোকাবহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ দুগৰাকীকৈ জোৱানে

নিউজ ডেস্কঃ এক মৰ্মান্তিক পথ দুৰ্ঘটনাত শুকুৰবাৰে নিহত হয় ভাৰতীয় সেনাৰ দুগৰাকী জোৱান। পূব ছিকিমৰ জুলুকত শুকুৰবাৰে সংঘটিত পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় জোৱান দুগৰাকীয়ে।

জানিব পৰা মতে, জোৱান কেইগৰাকীয়ে নাথু লা সীমান্ত অঞ্চললৈ গৈ থকা সময়তে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত জোৱান দুগৰাকী গুৰুতৰভাৱে আহত হয়।

photo1656157885
শোকাবহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ দুগৰাকীকৈ জোৱানে 4

আহত জোৱান দুজনক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

নিহত জোৱান দুগৰাকীক য়ানগাং নগৰৰ কাৰোংথাঙৰ লেন্স নায়ক মনোজ চেত্ৰী আৰু মিৰিক নিবাসী চুবেদাৰ সোম বাহাদুৰ চুব্বা বুলি জানিব পৰা গৈছে।

photo1656157886
শোকাবহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ দুগৰাকীকৈ জোৱানে 5

বাতৰি অনুসৰি দুয়োগৰাকী জোৱান কুপুপত থকা ছিকিম স্কাউটত নিয়োজিত আছিল।

photo1656157949
শোকাবহ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনাৰ দুগৰাকীকৈ জোৱানে 6

ইফালে এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে। টুইটযোগে তেওঁ শোক ব্যক্ত কৰাৰ লগতে জোৱান দুগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।