শোকাবহ! তীব্ৰবেগী বাছৰ প্ৰচণ্ড খুন্দাত মৃত্যু ১৪টাকৈ গো ধনৰ…

নিউজ ডেস্কঃ তেলেংগানাৰ নালাগোণ্ডা জিলাত মঙলবাৰে পুৱা এখন ব্যক্তিগত যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দাত মৃত্যু ঘটে ১৪টাকৈ গো ধনৰ।

পুৱা নালাগোণ্ডাৰ বুগগাবাভিগুডেম গাঁৱৰ সমীপৰ আডংকি-নাৰ্কেটপল্লী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে বাছৰ খুন্দাত আহত হয় আন ৬টা গৰু।

জানিব পৰা মতে, গৰুৰ জাকটোৰ ৰখীয়াজনে গৰুসমূহ পথ পাৰ কৰাই থকাৰ সময়তে চেন্নাইৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা তীব্ৰবেগী বাছখনে খুন্দা মাৰে।

অৱশ্যে এই দুৰ্ঘটনাটোত আহত হোৱাৰ পৰা ৰক্ষা পৰে বাছখনৰ যাত্ৰীসকল।

গৰু পালকৰ অভিযোগ অনুসৰি, চালকজনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

১৪টা গৰুৰ মৃত্যুৰ ফলত ৭ লাখৰো অধিক টকাৰ ক্ষতি হোৱা বুলি মন্তব্য কৰে গো পালকজনে।

ঘটনা সন্দৰ্ভত তেওঁ দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।