শোকাবহ! টায়াৰ ফটাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰে খুন্দা মৰাত প্ৰাণ হেৰুৱায় ৪ জনকৈ লোকে।

মহাৰাষ্ট্ৰৰ সোলাপুৰ-পুনে ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ২০ জন যাত্ৰী।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, পুৱতি নিশা ডাউণ্ড তালুকৰ বাখাৰী গাঁৱৰ সীমান্তত সংঘটিত হয় এই দুৰ্ঘটনা।

সোলাপুৰৰ পৰা পুনে অভিমুখে গৈ থকা বিলাসী যাত্ৰীবাহী বাছখনে বাখাৰী গাঁৱৰ সমীপত টায়াৰ ফটাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱায় পেলায়।

যাৰ ফলত দ্ৰুতবেগী বাছখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে পথৰ কাষত ৰখাই থোৱা ট্ৰাকত।

এই দুৰ্ঘটনাতোত নিহত সকলক অমৰ কালশেট্টী, গণপত পাটিল, নীতিন শিণ্ডে আৰু আৰতি বিৰাজদাৰ বুলি চিনাক্ত কৰা হৈছে।

আহত সকলক ইতিমধ্যে বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।