অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! গৃহপ্ৰৱেশৰ দিনাই অঘটন, সমনীয়াৰ সৈতে লুকাভাকু খেলি থাকোতেই নৱম মহলাৰ পৰা পৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ ৮ বছৰীয়া অন্বেষাৰ…

নিউজ ডেস্কঃ নতুন ফ্লেট ক্ৰয় কৰি গৃহপ্ৰৱেশৰ দিনাই ঘটিল এক শোকাবহ ঘটনা।

সমনীয়াৰ সৈতে লুকাভাকু খেলি থাকোতেই বহু মহলীয়া অট্টালিকাৰ নৱম মহলাৰ পৰি গুৰুতৰভাৱে আহত এগৰাকী ৮ বছৰীয়া কন্যা শিশু।

বৰ্তমান হাস্পতালত জীৱন-মৃত্যুৰে যুঁজিছে আঘাতপ্ৰাপ্ত শিশুটিয়ে।

জানিব পৰা মতে, চৰকাৰী কৰ্মচাৰী গৌতম ঘোষ আৰু তেওঁৰ পৰিয়ালে কলকতাৰ মহেস্তলাৰ এটা বহু মহলীয়া অট্টালিকাত ক্ৰয় কৰিছিল এটা ফ্লেট।

বৃহস্পতিবাৰে ফ্লেটত গৃহ প্ৰৱেশৰ দিনা আয়োজন কৰা হৈছিল ভোজনৰো। সন্ধিয়া এই অভ্যৰ্থনালৈয়ে ৮ বছৰীয়া কন্যা অন্বেষাৰ সৈতে আহিছিল গৌতম বাবু।

পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে নিজৰ মাজত কথা পতাত ব্যস্ত থকাৰ সময়তে সেই সময়ত উপস্থিত থকা একে বয়সৰ সমনীয়াৰ সৈতে লুকাভাকু খেলি আছিল অন্বেষাই।

আৰু তেতিয়াই অসাৱধানবশতঃ ৯ মহলাৰ ফ্লেটৰ পৰা তললৈ বাগৰি পৰে কণমানি শিশুটি।

লগে লগে শিশুটিক মহেস্তলাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য অধিক সংকটজনক হোৱাত পৰৱৰ্তী সময়ত কলকতালৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান কলকতাৰ এখন ব্যক্তিগত হাস্পতালৰ আইচিইউত জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ৮ বছৰীয়া অন্বেষাই।

ইফালে এই দুৰ্ঘটনাৰ বাবে গৃহ নিৰ্মাণ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়াল আৰু আন আন আৱাসীসকলে।

গৃহ নিৰ্মাণ কৰ্তৃপক্ষই নিৰ্মাণৰ নিয়ম অমান্য কৰাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ বাবেই শিশুটিৰ সৈতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে পৰিয়াল আৰু আনসকলে।

শিশুটিৰ পৰিয়াল আৰু আন আন আৱাসীসকলে গৃহ নিৰ্মাণ বিভাগৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে শিশুটিৰ চিকিৎসাৰ দায়িত্ব বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিষ্ঠানটোৱে।

Related Articles

Back to top button