fbpx
নাগালেণ্ডঅসমঅসমীয়া

শােকাৱহ! নাগালেণ্ডত বিদ্যুৎস্পৃষ্ট হৈ অসমৰ দুই শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩ জন

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত শােকাৱহ মৃত্যু ঘটিল অসমৰ শ্ৰমিকৰ।

এইবাৰ ঘটনাৰ স্থান নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী।

শুকুৰবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

হতাহত আটাইকেইজন শ্ৰমিকৰ ঘৰ মৰিগাঁৱৰ লাহৰীঘাটত বুলি জানিব পৰা গৈছে।

1

জানিব পৰা মতে, শ্ৰমিককেইজনে টেলিকম কোম্পানী এয়াৰটেলত ঠিকাভিত্তিত কাম কৰিবলৈ আহি বিগত দুটা মাহে ৱাখা জিলাৰ ভাণ্ডাৰীত বাহৰ পাতি আছিল।

শুকুৰবাৰে দুপৰীয়া কাম কৰি থকা অৱস্থাতে অসাৱধানবশতঃ ১১,০০০ ভল্টৰ বিদ্যুৎতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হয়। ফলত দুজন শ্ৰমিকৰক থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় আন তিনিজন।

মৃত শ্ৰমিক দুজন ক্ৰমে বাবুল ইছলাম (১৮) আৰু ওমৰ ফাৰুক (১৮)। দুয়ােজন সম্পৰ্কীয় ভাতৃ বুলি জানিব পৰা গৈছে।

ইফালে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হবিবুৰ ৰহমান (২২), চাদিকুল ৰহমান (২২) আৰু বিলাল হুছেইন (৩৪)।

ঘটনাৰ পিছতে আটাইকেইজনকে ততাতৈয়াকৈ মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় দিও চিকিৎসকে দুজনক মৃত ঘোষণা কৰে।

আঘাতপ্ৰাপ্ত তিনিওজনকে পিছত উন্নত চিকিৎসাৰ বাবে গোলাঘাট সদৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!