সহকৰ্মী নাৰ্ছৰ শ্লীলতা হানিৰ অপচেষ্টা, মহানগৰীৰ জ্যেষ্ঠ চিকিৎসকক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। এইবাৰ এগৰাকী সহকৰ্মী নাৰ্ছৰ শ্লীলতা হানিৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল এগৰাকী জ্যেষ্ঠ চিকিৎসক।

মহানগৰীৰ নুনমাটি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল ডাঃ ভাস্কৰ বৰুৱা।

গুৱাহাটী ৰিফাইনেৰী হাস্পতালত কৰ্তব্যৰত ডাঃ ভাস্কৰ বৰুৱা।

D1

জানিব পৰা মতে, গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী ৰিফাইনেৰী হাস্পতালত এগৰাকী নাৰ্ছৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল লম্পট চিকিৎসকজনে।

এই নিৰ্লজ্জ কাণ্ড কৰিয়েই ধৰা পৰাৰ ভয়ত নিশাই পলায়ন কৰি আত্মগোপন কৰে চিকিৎসকজনে।

ইয়াৰ পাছতে, নুনমাটি আৰক্ষীয়ে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা এজন আত্মীয়ত ঘৰত আত্মগােপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱাক।

সম্প্ৰতি আৰক্ষীয়ে আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে চিকিৎসক ভাস্কৰ বৰুৱাৰ।

Leave a Comment