লোমহৰ্ষক! প্ৰেয়সীৰ বিয়াত মিউজিক চিষ্টেম উপহাৰ প্ৰাক্তন প্ৰেমিকৰ, চুইচ অন কৰাৰ সময়তে সংঘটিত হোৱা বিস্ফোৰণত মৃত্যু ভাতৃসহ দৰাৰ…

নিউজ ডেস্কঃ বিয়াত লাভ কৰা এটা হোম থিয়েটাৰ অন কৰিবলৈ চেষ্টা কৰাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ ঘটি মৃত্যুক সাৱটি ল’লে দৰা আৰু দৰাৰ ভাতৃয়ে।

এই ভয়ংকৰ বিস্ফোৰণত আহত হয় আন ৪ জন লোকো।

ছত্তীশগড়ৰ কবীৰধাম জিলাত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত লোকজনেই বিয়াত মিউজিক চিষ্টেমৰ ভিতৰত বিস্ফোৰক স্থাপন কৰি দৰা-কইনাক উপহাৰ হিচাপে প্ৰদান কৰিছিল।

অভিযুক্ত লোকজনৰ নাম চাৰ্জু মাৰ্কাম (৩৩) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ধৃত মাৰ্কাম আছিল কইনাৰ প্ৰাক্তন প্ৰেমিক।

উল্লেখ্য যে, যোৱা ৩১ মাৰ্চত কবীৰধাম জিলাৰ ৰেংগাখৰ থানাৰ সীমাৰ অন্তৰ্গত চামাৰী গাঁৱৰ বাসিন্দা হেমেন্দ্ৰ মেৰাৱী (৩০)ৰ বিবাহ সম্পন্ন হয় চুবুৰীয়া অঞ্জনা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে।

১ এপ্ৰিলত মেৰাৱীৰ ঘৰত আয়োজন কৰা হৈছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

সোমবাৰে দৰা মেৰাৱীয়ে পৰিয়ালৰ আন সদস্যৰ সৈতে বিয়াত লাভ কৰা উপহাৰৰ টোপোলা খুলি আছিল।

সেই সময়তে উপহাৰ হিচাপে লাভ কৰা মিউজিক চিষ্টেমটো অন কৰাৰ সময়তে সংঘটিত বিস্ফোৰণত থিতাতে মৃত্যু ঘটে দৰা হেমেন্দ্ৰ মেৰাৱী আৰু ভাতৃ ৰাজকুমাৰ মেৰাৱী (৩২)ৰ।

ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জানিব পাৰে যে মেৰাৱীৰ নৱ বিবাহিতা পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মধ্যপ্ৰদেশৰ নিৱাসী চাৰ্জু মাৰ্কামৰ।

আনকি বিয়াৰ আগমুহূৰ্তলৈকে দুয়োৰে মাজত যোগাযোগ আছিল বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।

বালাঘাটত অটো মেকানিক হিচাপে কাম কৰা চাৰ্জু মাৰ্কামে এই বিস্ফোৰণ সংঘটিত কৰাৰ পূৰ্বে বোমা নিৰ্মাণৰ শিক্ষাও লৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।