নিউজ ডেস্কঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা সানিলে এজন লম্পট প্ৰধান শিক্ষকে।
ছাত্ৰীৰ গাত হাত দি বুকুৰ ধপধপনি শুনা লম্পট প্ৰধান শিক্ষকক ৰাইজেই দিলে এশিকনি।
যাৰ পিছত কাণত ধৰি ৰাইজৰ সন্মুখত আঁঠু লৈ ভৱিষ্যতে তেনে কাম নকৰাৰ শপত খালে প্ৰধান শিক্ষকজনে।
এনে চাঞ্চল্যকৰ ঘটনা সঘটিত হৈছে লখিমপুৰৰ ৬২০নং তেলীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ত।
উল্লেখ্য যে, প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিব্যজ্যোতি নাথে দীৰ্ঘদিনৰ পৰা ছাত্ৰীৰ সন্মুখত অশ্লীল কথা কৈ অহাৰ অভিযোগ উত্থাপন হৈছে।
আনহাতে কণমানি ছাত্ৰীৰ দেহত হাত দি হৃদস্পন্দন শুনাৰ চলেৰে অশ্লীল কাৰ্য সংঘটিত কৰি আহিছিল এইজন লম্পট প্ৰধান শিক্ষকে।
শেহতীয়াকৈ বিদ্যালয়খনৰ একাংশ ছাত্ৰীয়ে অভিভাৱক এই বিষয়ে অৱগত কৰাৰ পিছতে ক্ষুব্ধ ৰাইজ উপস্থিত হয় বিদ্যালয় চৌহদত।
তাৰ পিছতে ৰাইজৰ সন্মুখত আঁঠু কঢ়াই লম্পট প্ৰধানশিক্ষক দিব্যজ্যোতি নাথক এশিকনি দিলে ৰাইজে।
যাৰ পিছত কাণত ধৰি ভৱিষ্যতে তেনে কাম নকৰো বুলি তিনি শপত খালে লম্পট প্ৰধান শিক্ষকজনে।