যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে….

নিউজ ডেস্কঃ এয়া প্ৰযুক্তিৰ যুগ।

এই যুগত কিতাপ বা ইণ্টাৰনেটত সন্ধান কৰি তথ্য যুগুতাই লেখা এটা লিখাৰ প্ৰয়োজন নাই। আপুনি বিচাৰিলে মাত্ৰ কেইটামান চেকেণ্ডৰ ভিতৰতে AI (Artificial Intelligence) অৰ্থাৎ কৃত্তিম বুদ্ধিমত্তা)য়ে আপোনাৰ বাবে লিখি দিব পাৰে যিকোনো বিষয় সম্পৰ্কে এটা তথ্যসমৃদ্ধ লেখা।

বিজ্ঞানৰ এই দ্ৰুত অগ্ৰগতিৰ যুগত আপোনাৰ ধোঁৱা বৰণীয়া হৈ পৰা পুৰণি ফটোখনো মুহূৰ্তৰ ভিতৰতে ৰঙীন কৰি তুলিব পাৰে।

এসময়ত অসম্ভৱযেন লগা প্ৰায় সকলো কামেই আজি সম্ভৱ কৰি তুলিছে বিজ্ঞানে।

image 97
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 8

এনে সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমাৰ মাজৰ পৰা কাহানিবাই হেৰাই যোৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ ফটো।

যদি মহাত্মা গান্ধী আৰু মাদাৰ টেৰেছাৰ দিনত চেল্ফি কেমেৰা থাকিলহেঁতেন, তেন্তে তেওঁলোকে চেল্ফি উঠিলে কেনেকুৱা দেখিলেহেঁতেন?

s6
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 9

এই অবাস্তৱ কল্পনাকো সম্ভৱ কৰি তুলিছে বৰ্তমানৰ আৰ্টিফিচিলে ইণ্টালিজেন্সে।

image 98
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 10

জ্যো জন মুলুৰ নামৰ এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে তেনে কেইখনমান ফটোই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এই ফটো সমূহত মহাত্মা গান্ধী, মাদাৰ টেৰেছা, এলবাৰ্ট আইনষ্টাইন, আব্ৰাহাম লিংকনৰ দৰে মহান ব্যক্তিয়ে চেলফি তুলি থকা দেখিবলৈ পোৱা গৈছে।

ছবিবোৰত আপুনি দেখিব পাৰিব যে গান্ধীজীয়ে কেনেকৈ হাঁহি হাঁহি চেলফি তুলিছে আৰু তেওঁৰ পিছফালে কিছুমান পুৰুষ-মহিলাও থিয় হৈ আছে।

s1
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 11

ইয়াৰ বাহিৰেও দ্বিতীয়খন চেলফি মাদাৰ টেৰেছাৰ। এই ছবিখন দেখি আপুনি একেবাৰেই অনুভৱ নকৰিব যে ইয়াক আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত নিৰ্মাণ কৰা হৈছে।

s2
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 12

তদুপৰি কাল্পনিক চেলফিত দেখিবলৈ পোৱা গৈছে আব্ৰাহাম লিংকন, আইনষ্টাইন আদিৰ দৰে কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিক।

s5
যদি মহাত্মা গান্ধী, এলবাৰ্ট আইনষ্টাইনৰ যুগত থাকিলহেঁতেন চেলফি কেমেৰা! তেন্তে…. 13

আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ সহায়ত প্ৰস্তুত কৰা এই ছবিসমূহ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেট ব্যৱহাৰকাৰীয়ে আশ্বৰ্য প্ৰকাশ কৰিছে।