
নিউজ ডেস্কঃ প্ৰসৱ বেদনাত চটবটাই থকা পত্নীক হাস্পতাললৈ নিয়াৰ সময়তে হঠাৎ বাহনত জুই সূত্ৰপাত ঘটি অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ল’লে এহাল দম্পতীয়ে।
এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰৰ জিলা চৰকাৰী হাস্পতালৰ সমীপত।
প্ৰসূতি পত্নীক লৈ হাস্পতাললৈ অহা দম্পতীহালৰ বাহনখনত হঠাৎ জুইৰ সূত্ৰপাত ঘটাত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যুক আঁকোৱালি লয় দম্পতীহালে।

ইফালে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ শিশুসহ আন ৪ জনৰ।
জানিব পৰা মতে, কন্নুৰৰ কুট্টিয়াট্টুৰৰ নিৱাসী ৩২ বৰ্ষীয় প্ৰজিথৰ পত্নী ৰীচা (২৬) সন্তানসম্ভৱা আছিল।
বৃহস্পতিবাৰে পত্নী ৰীচাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত পৰিয়ালৰ লোকৰ সৈতে গাড়ীৰে ৰীচাক জিলা হাস্পতাললৈ লৈ যায় প্ৰজিথে।

কিন্তু হাস্পতাল পোৱাৰ ঠিক পূৰ্বে যান্ত্ৰিক বিজুতি ঘটি হঠাৎ গাড়ীখন দাউদাউকৈ জ্বলি উঠে।
লগে লগে গাড়ীৰ পিছফালে বহি অহা পৰিয়ালৰ সদস্য কেইজনে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও দুৱাৰ খুলিব নোৱাৰাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় সন্মুখৰ চিটত বহি অহা প্ৰসূতি ৰীচা আৰু চালকৰ আসনত বহি অহা প্ৰজিথে।

এই ঘটনাই শোকস্তব্ধ কৰিছে দম্পতীহালৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।