নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত মৃত্যুৰ বিভীষিকা!
ছাত্ৰ-ছাত্ৰীৰ বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি।
বুধবাৰে পুৱাৰ ভাগত সংঘটিত হৈছিল এই মৰ্মান্তিক দুৰ্ঘটনা।
দুখন বাছেৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল বাছ দুখন।
এই দুৰ্ঘটনাই এতিয়ালৈকে প্ৰাণ কাঢ়ি লৈ গ’ল কণমানি শিশুসহ ২৬ জনৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে আন কেইবাজনো।
পুৱা মণিপুৰৰ ননে’ জিলাৰ জৌজাংটেক আৰক্ষী থানাৰ অন্তৰ্হত লংছাই টুবুং গাঁৱৰ সমীপৰ বিষ্ণুপুৰ-খোপুম পথৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
জানিব পৰা মতে, থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এটা দল দুখন বাছৰে শিক্ষামূলক ভ্ৰমণৰ বাবে খোপুম অভিমুখে গৈ আছিল।
সেই সময়তে সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনাটো।
Deeply saddened to hear about the accident of a bus carrying school children at the Old Cachar Road today. SDRF, Medical team and MLAs have rushed to the site to coordinate the rescue operation.
— N.Biren Singh (@NBirenSingh) December 21, 2022
Praying for the safety of everyone in the bus.@PMOIndia pic.twitter.com/whbIsNCSxO
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।
আহত সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ আৰু স্থানীয় বিধায়কক ঘটনাৰ ওপৰত নজৰ দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।