অসমীয়াঅসম

মৰ্মান্তিক! ভগ্নীৰ ঘৰৰ পৰা ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, ২ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ ভগ্নীৰ বিয়াৰ খবৰ ল’বলৈ আহিয়েই কৰুণ মৃত্যু ২ যুৱকৰ।

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ হেৰুৱালে প্ৰাণ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ডিব্ৰুগড় জিলাৰ টিংখঙৰ সৰোজিনীত।

ভগ্নীৰ ঘৰৰ পৰা উভতি যোৱাৰ পথতে মৰাণ-নাহৰকটীয়া পথত সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে মৃত্যু ২ যুৱকৰ।

নিহত যুৱক দুজনৰ পৰিচয় দাদু গগৈ আৰু মনোজ কোৱৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দাদু গগৈৰ ভগ্নীৰ ঘৰৰ পৰা উভতিছিল যুৱক দুজনে।

তীব্ৰবেগত বাইক চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰৱৰ্তী সময়ত মৃতদেহ দুটা উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে।

Related Articles

Back to top button