নিউজ ডেস্কঃ পুত্ৰৰ মৃত্যুৰ কেইমাহমানৰ পিছতে বিদেশৰ মাটিত আকস্মিক মৃত্যু হোজাইৰ যুৱকৰ।
কৰ্মসূত্ৰে ডুবাইলৈ যোৱা হোজাই জিলাৰ নীলবাগানৰ সমীপৰ সদৰ গাঁৱৰ ইমৰান হুছেইন নামৰ যুৱকজনৰ মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

জানিব পৰা মতে, ডুবাইত কৰ্মৰত যুৱকজনে শুকুৰবাৰে জুম্মাৰ নামাজ আদায় কৰাৰ কিছু সময় পিছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

উল্লেখ্য যে, মাত্ৰ কেইমাহমান পূৰ্বে ইমৰান হুছেইনৰ কনিষ্ঠ পুত্ৰৰ পুখুৰীত পৰি মৃত্যু ঘটিছিল।

পুত্ৰৰ মৃত্যুৰ পিছতে পিতৃৰো আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে ইমৰানৰ পত্নী আৰু পৰিয়াল।