মৰ্মান্তিক! পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে মাতৃ-কন্যাক, কন্যাৰ মৃত্যু

নিউজ ডেস্কঃ পথ পাৰ হ’বলৈ লওতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী যুৱতীৰ।

ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় মাতৃও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ সচেন্দি থানা এলেকাৰ ঘাইপথত।

জানিব পৰা মতে, জুগ্ৰাজপুৰৰ বাসিন্দা অঞ্জুল মিশ্ৰৰ পত্নী উৰ্মিলা আৰু ১৯ বৰ্ষীয় কন্যা গৌৰীয়ে বুধবাৰে কোনো কামৰ বাবে চকৰপুৰলৈ আহিছিল।

মাতৃ-কন্যাই কাম শেষ কৰি ঘৰলৈ ওভতাৰ সময়ত চকৰপুৰ মণ্ডিৰ ঘাইপথত অৱস্থিত সমাধিস্থলৰ সমীপত পথ পাৰ হ’বলৈ লওতেই এখন দ্ৰুতবেগী ট্ৰাকে মাতৃ-কন্যাক মহতিয়াই নিয়ে।

image 123
মৰ্মান্তিক! পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে মাতৃ-কন্যাক, কন্যাৰ মৃত্যু 2

এই দুৰ্ঘটনাত কন্যা গৌৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় মাতৃ উৰ্মিলা।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যায়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা ট্ৰাক চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

1 thought on “মৰ্মান্তিক! পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে মাতৃ-কন্যাক, কন্যাৰ মৃত্যু”

Comments are closed.