নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে নতুন ঘৰ চাবলৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি ল’লে মাতৃ-কন্যাই।
গুৰগাঁৱৰ ছেক্টৰ ১০৬ত পৰিয়ালটোৰ বাহনখনত বিপৰীত দিশৰ পৰা আহি থকা এছইউভি বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত মাতৃ-কন্যাৰ থিতাতে মৃত্যু ঘটে আন দুজনৰ।
নিহত মাতৃ-কন্যাহালৰ পৰিচয় নীলম (৬২) আৰু মণিকা (৩২) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দিল্লীৰ দ্বাৰকাৰ নিৱাসী কমল মত্তাই পত্নী নীলম, কন্যা মণিকা আৰু ৰিয়েল ইষ্টেটৰ এজেণ্ট কৰণজিৎ সিঙৰ সৈতে ছেক্টৰ ১০৮ত এটা সম্পত্তি চাবলৈ গৈছিল।
তেওঁলোকে ৰাহেজা বেদান্ত ছ’চাইটিৰ সমীপত এটা ইউ টাৰ্ণ লোৱাৰ সময়তে এখন এছইউভি বাহনে পৰিয়ালৰ বলেন’ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুৰ্ঘটনাত মাতৃ নীলম আৰু কন্যা মণিকাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত কমল আৰু কৰণজিৎ সিঙক গাড়ীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।