নিউজ ডেস্কঃ দিনটোৰ ব্যস্ততাৰ অন্তত নিশা পথৰ দাঁতিত বাছখন ধুই থকা সময়তে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল বাছখনৰ পৰিচালক আৰু হেণ্ডিমেনে।
নিশা এই মৰ্মান্তিক ঘটনা সংঘটিত হয় নলবাৰীৰ জিলাৰ বৰকুৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত।
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু ঘটে বাছখনৰ পৰিচালক বশিষ্ঠ মজুমদাৰ আৰু হেণ্ডিমেন কৈলাশ কলিতাৰ।
জানিব পৰা মতে, দিনটো বাছ চলাই নিশা পথৰ দাঁতিতে এএছ ২৫এফচি ২৩৮৯ নম্বৰৰ বাছখন ৰখাই চাফা কৰি আছিল হেণ্ডিমেন কৈলাশ কলিতা আৰু পৰিচালক বশিষ্ঠ মজুমদাৰে।
সেই সময়তে পাঠশালাৰ দিশৰ পৰা অহা এএছ ১৪চি ৯০৫৬ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে দুয়োকে খুন্দা মৰাত দুয়োজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰি চালকজনে ডাম্পাৰসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও নলবাৰী আৰক্ষীয়ে খেদি খেদি বিলপাৰৰ পৰা ডাম্পাৰসহ চালকজনক জব্দ কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনাত নিহত কৈলাশ কলিতাৰ ঘৰ নলবাৰীৰ পিটনিপাৰাত আৰু বশিষ্ঠ মজুমদাৰৰ ঘৰ আন্নিয়াত বুলি জানিব পৰা গৈছে।