অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ঘৰত গাড়ীৰ মেৰামতিৰ কাম কৰি আছিল পিতৃয়ে, পানী বুলি ভুলতে বটলৰ পৰা ডিজেল পান কৰি মৃত্যু কাষতে খেলি থকা ডেৰ বছৰীয়া পুত্ৰৰ…

নিউজ ডেস্কঃ পিতৃয়ে কাম কৰি আছিল গাড়ী মেৰামতিৰ। কাষতে আছিল গাড়ীত ভৰাবলৈ অনা ডিজেল ভৰ্তি এটা বটল।

সেই সময়ত ঘৰত খেলি থকা ডেৰ বছৰীয়া শিশুটিয়ে ভুলবশতঃ বটলটোৰ পৰা ডিজেল পান কৰিয়েই সাৱটিবলগীয়া হ’ল মৃত্যুক।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ওড়িশাৰ বালেশ্বৰত।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰতে গাড়ীৰ মেৰামতিৰ কামত ব্যস্ত আছিল কণমানি শিশুটিৰ পিতৃ।

সেই সময়ত সাঁফৰ নলগোৱাকৈ থোৱা ডিজেলৰ বটলটোৰ পৰা পানী বুলি ভুলতে ডিজেল পান কৰে শিশুটিয়ে।

অন্যমনস্ক হৈ থকা পিতৃয়ে প্ৰথমাৱস্থাত এই বিষয়ে গম পোৱা নাছিল যদিও পিছত শিশুটিয়ে বমি কৰিবলৈ আৰম্ভ কৰাত লগে লগে শিশুটিক হাস্পতাললৈ লৈ যোৱা হয়।

শিশুটিৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰাত শিশুটিক ভৰ্তি কৰা হয় ভুৱনেশ্বৰ এইমছ হাস্পতালত। কিন্তু কিছু সময় চিকিৎসাধীন হৈ থাকিয়েই মৃত্যুক সাৱটি লয় ডেৰ বছৰীয়া কণমানিটিয়ে।

শিশুটিৰ মৃত্যুক শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়াল। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button