fbpx
অসম

‘মোক ইয়ালৈ লৈ অনাসকললৈ ধন্যবাদ, বাকীছোৱা বাট মই অকলেই যাম’-এখন ফটো আৰু এটি হুমুনিয়াহ

সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন ফটো অথবা ভিডিঅ’ ভাইৰেল হয়।

ভাইৰেল হোৱা প্ৰতিখন ফটো অথবা ভিডিঅ’ৰে থাকে কোনো নিৰ্দিষ্ট কাৰণ।

তেনেদৰেই এইবাৰ এখন ফটো সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

মাত্ৰ দুষাৰি বাক্য লিখা থকা ফটোখনে এবাৰলৈ হলেও ভবাই তুলিছে সকলোকে।

ব্যস্ততাপূৰ্ণ মানুহৰ জীৱনটোত যে কোনো বস্তুৱেই স্থায়ী নহয় তাকেই সোৱৰাই দিছে এই বিশেষ ফটো খনে।

May be an image of outdoors and text

সংসাৰৰ মায়া-মোহ সকলো ত্যাগ কৰি আমি সকলোৱে এদিন যাব লাগিব এখন অচিন দেশলৈ। যি যাত্ৰাপথত আমাক কোনোও সংগ নিদিব।

আত্মীয়-স্বজন সকলোৱে অকলেই এৰি থৈ আহিব আমি কেতিয়াও কল্পনা নকৰা সেই শ্মশানখনত। য’ত কেৱল থাকিব নিৰ্জনতাৰ কোলাহল।

সেয়ে কোনোবাই আমাৰ শেষ ঠিকনা শ্মশানৰ দেৱলত লিখিছে- ‘মোক ইয়ালৈ লৈ অনাসকললৈ ধন্যবাদ, বাকীছোৱা বাট মই অকলেই যাম’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফটোখন দৰাচলতে গুৱাহাটী নৱগ্ৰহ শ্মশানৰ এখন দেৱলৰ।

এই ফটোখনে পুনৰবাৰ মানুহক ভবাই তুলিছে যে, দেহৰ ভৰষা নাই, মৃত্যু চিৰন্তৰ সত্য, মানুহৰ শেষ ঠিকনা শ্মশানখন। য’ত নাথাকে গৌৰৱ, অহংকাৰ, মায়া, মোহ ইত্যাদি…

এইয়াই সত্য যে, এই পৃথিবীলৈ মানুহ অকলেই আহিব লাগিব আৰু যোৱাৰ বেলিকাও অকলেই যাবগৈ লাগিব।

Related Articles

Leave a Reply

Back to top button