অসম

মেট্ৰিকত ফলাফল শূন্য! বন্ধ হ’ব ৰাজ্যৰ ৩৪খনকৈ চৰকাৰী বিদ্যালয়, বিদ্যালয়সমূহৰ তালিকা চাওক…

বন্ধ হ’ব ৰাজ্যৰ ৩৪খনকৈ চৰকাৰী বিদ্যালয়।

মেট্ৰিকত এজনো উত্তীৰ্ণ নোহোৱা এই বিদ্যালয়সমূহ বন্ধ কৰাৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰিছে সিদ্ধান্ত।

অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অতি শীঘ্ৰে ৩৪খন বিদ্যালয় বন্ধ কৰা হ’ব।

আন বিদ্যালয়সমূহৰ সৈতে একত্ৰীকৰণ কৰা হ’ব বন্ধ হ’বলগীয়া বিদ্যালয়সমূহ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ‘শূন্য প্ৰদৰ্শন’ পঞ্জীয়ন হোৱাৰ পাছত বিদ্যালয়সমূহৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

চৰকাৰে শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত শূন্য উত্তীৰ্ণ শতাংশৰ সৈতে থকা ৩৪ খন চৰকাৰী/প্ৰাদেশিককৃত বিদ্যালয় আৰু ৫৭ খন স্বীকৃত ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বন্ধ হ’বলগীয়া বিদ্যালয়সমূহ হৈছে–

কাছাৰ জিলাত ৫ খনকৈ বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ। বিদ্যালয় কেইখন হৈছে- সুখদেৱ নাথ হাইস্কুল, লক্ষীপুৰ গাৰ্লছ হাইস্কুল, নেহৰু গাৰ্লছ হাইস্কুল, ফুলবাৰী পাব্লিক হাইস্কুল আৰু এছ এন ডি এম হাইস্কুল।

চিৰাং জিলাৰ বৰপথাৰ হাইস্কুল আৰু দৰং জিলাৰ পদ্মাপুখুৰী হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

ধুবুৰী জিলাৰ মোহনলাল ছোভাছৰিয়া হিন্দী একাডেমী হাইস্কুল আৰু সাপটগ্ৰাম হাইমাদ্ৰাছা বন্ধৰ সিদ্ধান্ত।

বন্ধ হ’ব গোৱালপাৰা জিলাৰ ৰংজুলি গাৰ্লছ হাইস্কুল আৰু থৰ্কা হাইস্কুল।

কামৰূপ জিলাৰ বকোৰ গোহালকোণা হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত।

যোৰহাট জিলাৰ আমগুৰিখাট হাইস্কুল, বালিগাঁও গীতাৰ্থী ভেকেচনেল হাইস্কুল, বিদ্যাধৰ শৰ্মা মেম’ৰিয়েল হাইস্কুল,কুঁৱৰীপুখুৰী হাইস্কুল আৰু ন কছাৰী গাৰ্লছ হাইস্কুল বন্ধ হ’ব।

ডিব্ৰুগড়ৰ ছাত্ৰী কল্যাণ গাৰ্লছ হাইস্কুল, গোলাঘাট জিলাৰ মিছামৰা আদৰ্শ হাইস্কুল আৰু হাইলাকান্দি জিলাৰ স্বামী বিবেকনন্দ হাইস্কুল বন্ধৰ সিদ্ধান্ত।

কাৰ্বি আংলং জিলাৰ দেওপানী হাইস্কুল, ডিফু নাইট স্কুল, হাওৰাঘাট তিনিআলি আঞ্চলিক বড়ো মিডিয়াম হাইস্কুল, ইংলংকিৰি হাইস্কুল, জয়পং আদৰ্শ হাইস্কুল, অকে কৰেং হাইস্কুল আৰু টেকেলাংজুং হাইস্কুল বন্ধৰ সিদ্ধান্ত।

বন্ধ হ’ব লখিমপুৰ জিলাৰ আজাদ আদৰ্শ বিদ্যাপীঠ আৰু শান্তিজ্যোতি হাইস্কুল।

নগাঁও জিলাৰ আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আৰু ড০ বি কে বি হাইস্কুল হ’ব বন্ধ।

কোকৰাঝাৰ জিলাৰ শাস্ত্ৰী বিদ্যাপীঠ হাইস্কুল আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মেনমেজি হাইস্কুল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ।

এই বন্ধ হ’বলগীয়া বিদ্যালয়সমূহক আন বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব।

আনহাতে, শূন্য উত্তীৰ্ণৰ শতাংশ থকা ৫৭ খন স্বীকৃত ভেঞ্চাৰ বিদ্যালয়েও এতিয়া নিজৰ ‘স্বীকৃতি’ হেৰুৱাব লাগিব।

Related Articles

Back to top button