উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব।
তিনিওখন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী।
তথ্য অনুসৰি, ত্ৰিপুৰাৰ বিজেপি চৰকাৰ আৰু নাগালেণ্ড-মেঘালয়ৰ এন ডি এ চৰকাৰৰ পুনৰ গঠনত বিজেপিয়ে উল্লেখনীয় সফলতা হিচাপে গ্ৰহণ কৰিছে।
যাৰ পৰিপেক্ষিতত তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰাধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, মেঘালয়ত ৭ মাৰ্চৰ পুৱা ১১ বজাত শপতগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে নাগালেণ্ডত সেইদিনাই দিনৰ ১.৪৫ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
ইফালে ত্ৰিপুৰাত ৮ মাৰ্চৰ পুৱা ১১ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।