fbpx
অসমীয়ামিজােৰাম

মৃত্যু যেন আহে এনেকৈয়ে! চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগদিনা সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু MBBSৰ ছাত্ৰীৰ…

নিউজ ডেস্কঃ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ মাত্ৰ এদিন পূৰ্বে আকস্মিকভাৱে মৃত্যুৰ কোলাত শুই পৰিল এমবিবিএছৰ এগৰাকী ছাত্ৰী।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত।

নিহত ছাত্ৰীগৰাকীক ৰাজস্থানৰ যোধপুৰৰ নিৱাসী অনিতা কানৱাৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মিজোৰামৰ আইজলৰ সমীপৰ ফালকানস্থিত জোৰাম মেডিকেল কলেজৰ এমবিবিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল অনিতা।

বৃহস্পতিবাৰে ছাত্ৰীগৰাকীয়ে চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ঠিক আগদিনা অৰ্থাৎ বুধবাৰে সন্ধিয়া আকস্মিকভাৱে মৃত্যু ঘটে অনিতাৰ।

photo1678437530

চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ নিশ্চিত হোৱা নাই যদিও প্ৰাথমিক তদন্তত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, অনিতাই নিজৰ গাঁওখনৰ প্ৰথমগৰাকী মহিলা চিকিৎসক হোৱাৰ সপোন দেখিছিল।

অত্যন্ত মেধাৱী ছাত্ৰীগৰাকীৰ এনে আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতে তেওঁৰ বন্ধু-বান্ধৱী আৰু সহপাঠী সকলোকে শোকস্তব্ধ কৰি তুলিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!