fbpx
অসমঅসমীয়া

মূল্যবৃদ্ধি এনডিএ চৰকাৰৰ স্বভাৱগত বৈশিষ্ট্য, নিৰ্বাচন পাৰ হোৱাৰ পিছতে এতিয়া চৰকাৰে দেখুৱাইছে চৰিত্ৰঃ ভৰত নৰহ

নিউজ ডেস্ক। নিৰ্বাচন গ’ল! এতিয়া পুনৰ প্ৰকৃত ৰূপত ওলাই আহিছে কেন্দ্ৰৰ বিজেপি চৰকাৰ।

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই পুনৰ এবাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্য। বৃদ্ধি পালে বিদ্যুতৰ মাচুলো।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে সমগ্ৰ দেশত ঘটা মূল্যবৃদ্ধিক লৈ এনডিএ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে।

G4 18

সাধাৰণ জনতাৰ দুখ-কষ্টৰ প্ৰতি এনডিএ চৰকাৰৰ কোনো গুৰুত্ব নাই বুলি মন্তব্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ যি স্বভাৱগত চৰিত্ৰ, সেয়া উদঙাই দিছে।

অসমৰ বাবে প্ৰয়োজনীয় বিদ্যুততকৈ ইয়াৰ উৎপাদন অতি কম বুলি মন্তব্য কৰে ভৰত নৰহে। তেওঁ লগতে কয় যে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে যি শক্তি বিভাগ বৰ্তমান লাভত আছে বুলি মন্তব্য কৰিছিল, সেয়া আচলতে মিছা আছিল বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ্য যে, দেশত ৪ মাহৰ পিছত পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য। যাৰ পিছত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৮ পইছা আৰু ডিজেলট ৬৯ পইচা বৃদ্ধি পাইছে।

সেইদৰে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পোৱাত সাধাৰণ নাগৰিকে এতিয়া মূৰে কপালে হাত দিবলগা হৈছে। আনহাতে প্ৰতি ইউনিট বিদ্যুৎ ব্যৱহাৰৰ বিনিময়ত এতিয়া ৫৯ পইচাকৈ অতিৰিক্তি মাচুল ভৰিব লাগিব। অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব বিদ্যুতৰ এই নতুন নিৰিখ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!