অসম

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন, পেট্ৰ’ল-ডিজেলৰ লগতে বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ দাম…

পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন।

বিদ্যুত মাচুলৰ পিছত এই‍বাৰ বাঢ়িল পেট্ৰ’পণ্যৰ দাম।

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ লগতে ঘৰুৱা চিলিণ্ডাৰৰ দাম।

ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি সমগ্ৰ দেশতে। প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ মূল্য বৃদ্ধি।

৫০ টকা বৃদ্ধি হোৱাৰ ফলত ৰাজধানী দিল্লীত ৯৪৯.৫ টকা হৈছে।

তাৰ সমান্তৰালকৈ দেশৰ অন্য তিনি মূখ্য চহৰত মূল্য বৃদ্ধি পাই দাম হৈছেগৈ কলিকতাত ৯৬৭ টকা, মুম্বাইত ৯৪৯.৫ টকা আৰু চেন্নাইত ৯৬৯.৬ টকা।

আনহাতে ৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।

সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত পেট্ৰ’ল বৃদ্ধি পালে ৮৮ পইচা। আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা।

দিল্লী- পেট্ৰ’ল- ৯৬.২১ টকা, ডিজেল- ৮৭.৪৭ টকা।

মুম্বাই- পেট্ৰ’ল- ১১০.৮২ টকা, ডিজেল- ৯৫.০০ টকা।

চেন্নাই- পেট্ৰ’ল- ১০২.১৬ টকা, ডিজেল- ৯২.১৯ টকা।

কলিকতা- পেট্ৰ’ল- ১০৫.৫১ টকা, ডিজেল- ৯০.৬২ টকা।

ইপিনে সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।

Leave a Reply

Your email address will not be published. Required fields are marked *