অসমঅসমীয়া

গৰু নহয়, এইবাৰ ট্রাকেৰে গুজৰাটলৈ নিয়াৰ পথত ৭ টা হাতী জব্দ বন বিভাগৰ

নিউজ ডেস্ক। অসমৰ লগতে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ বনৰীয়া জীৱ-জন্তুৰ সৰবৰাহ অব্যাহত আছে।

এইবাৰ অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা সুদূৰ গুজৰাটলৈ সৰবৰাহৰ চেষ্টা ৭ টা হাতী।

অৱশ্যে, বন বিভাগৰ তৎপৰতাত ঢেকীয়াজুলিত বন বিভাগে সােমবাৰে সন্ধিয়া জব্দ কৰে হাতী কঢ়িওৱা ৭ খনকৈ ট্ৰাক।

G2 28

জানিব পৰা মতে, তেজপুৰৰ দিশৰ পৰা বাইহাটা চাৰিআলিৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতী কঢ়িয়াই নিয়া এই ট্রাককেইখনে যাত্ৰা কৰিছিল।

এই সন্দৰ্ভত খবৰ লাভ কৰি ঢেকীয়াজুলি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে ট্ৰাককেইখন জব্দ কৰে।

ইয়াৰ পিচত বনকৰ্মীয়ে হাতী সৰবৰাহ সন্দৰ্ভত গাড়ীকেইখনৰ চালকক প্রশ্ন কৰাত তেওঁলোকে সদুত্তৰ দিবলৈ সমৰ্থ নহ’ল।

অৱশ্যে কিছু সময় পিচতে অন্য কোনো লােক কিছু নথিসহ বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হয়।

পিচত বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে নথি-পত্ৰ পৰীক্ষাৰ কাম আৰম্ভ কৰে যদিও বাতৰি যুগুতােৱা পৰলৈকে এই সন্দৰ্ভত বন বিষয়া আৰু বনকর্মীয়ে এই সন্দৰ্ভত কােনাে নিশ্চিত তথ্য প্ৰদান কৰা নাই।

হাতীকেইটা কি কাৰণত গুজৰাটৰ দিশে নিয়া হৈছে সেই সন্দৰ্ভত বাতৰি যুগুতোৱাৰ পৰলৈ জানিব পৰা হোৱা নাই।

অৱশ্যে নথি-পত্ৰৰ পৰীক্ষাৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে সকলো কথা জলজল পটপট হৈ পৰিব।

লগতে চাওকঃ

‘দাম বাঢ়িবই, আপোনালোকৰো দৰমহা বাঢ়িছে…’ মূল্যব্যদ্ধিক লৈ যুক্তি শাসকীয় বিধায়কৰ

G2 29

Leave a Reply

Your email address will not be published. Required fields are marked *