মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে FIR

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল।

উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল।

আনকি ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল।

যাৰ পৰিপেক্ষিতত দেশজুৰি কংগ্ৰেছৰ ভিতৰচৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে।

এনএছইউআইৰ ৰাষ্ট্ৰীয় সম্পাদক ৰোশন লাল বিট্টুৱে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰস্থিত ৰামনগৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়নৰ দাবী জনাইছে।

হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ‘ৰাহুল গান্ধীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰে। আমি কেতিয়াবা প্ৰমাণ বিচাৰিছো নেকি যে আপুনি সঁচাকৈয়ে ৰাজীৱ গান্ধীৰ পুত্ৰ’?

এই মন্তব্যৰ পিছতেই শনিবাৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Comment