বৰযাত্ৰীৰ বাহনৰ সৈতে সংঘৰ্ষত নিহত স্কুটী আৰোহী গৃহৰক্ষী জােৱান

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী কৰ্তব্যৰত গৃহৰক্ষী জােৱানে।

বৰযাত্ৰীৰ বাহনৰ সৈতে জােৱানজনৰ স্কুটীৰ সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাৰ স্থান নগাঁও চহৰৰ মিছন মার্কেট এলেকা।

জানিব পৰা মতে, শনিবাৰে পুৱা ১০ মান বজাত ৰঞ্জন কােঁৱৰ নামৰ জোৱানজনে স্কুটিৰে নতুন বজাৰ দিশৰ পৰা পুলিচ ৰিজাৰ্ভলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ৰেনল্ট কুইড গাড়ীখনৰ সৈতে সংঘৰ্ষ হয়।

vlcsnap 2022 02 13 11h54m34s340
বৰযাত্ৰীৰ বাহনৰ সৈতে সংঘৰ্ষত নিহত স্কুটী আৰোহী গৃহৰক্ষী জােৱান 3

এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত জােৱানজনৰ প্ৰত্যক্ষদৰ্শী আৰু কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ লােকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়।

কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

vlcsnap 2022 02 13 11h54m07s642
বৰযাত্ৰীৰ বাহনৰ সৈতে সংঘৰ্ষত নিহত স্কুটী আৰোহী গৃহৰক্ষী জােৱান 4

কিন্তু দুৰ্ভাগ্যক্ৰমে গুৱাহাটীলৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু হয় গৃহৰক্ষী জােৱান ৰঞ্জন কােঁৱৰ।

জোৱানজনৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।

এই ঘটনাই নগাঁও আৰক্ষী মহলৰ লগতে জােৱানজনৰ আত্মীয়-কুটুম্বৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

আৰক্ষীয়ে দুয়ােজন বাহন জব্দ কৰিছে।

Leave a Comment