মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰামৰ গোচৰ কেতিয়াও সমৰ্থন নকৰোঁ, আমি মুখ্যমন্ত্ৰীৰ লগত আছোঃ অখিল গগৈ…

অসম-মিজোৰাম সীমান্তৰ বিবাদমান অঞ্চল লাইলাপুৰত শনিবাৰে উপস্থিত হয় অসম বিধানসভাৰ এটা সৰ্বদলীয় প্ৰতিনিধিৰ দল।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত যোৱা এই দলটোত আছে শাসক দল বিজেপিৰ লগতে কংগ্ৰেছ, অগপ, বি পি এফ, ইউ পি পি এল, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি এমৰ বিধায়ক।

দলটোত আছে বিধায়ক অখিল গগৈ, ৰূপক শৰ্মা, জয়ন্তমল্ল বৰুৱা, ভুবন পেগু, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কেইবাজনো বিধায়ক।

সীমান্ত পৰিদৰ্শন কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য।

গগৈয়ে কয়- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজো আৰক্ষীৰ গোচৰ কেতিয়াও সমৰ্থন নকৰো।

তেওঁ কয়- ‘আমি অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিছো তেখেতে অসমৰ সীমা সমস্যাটো সমাধান কৰাত ব্যৰ্থ হোৱা কাৰণে।কিন্তু মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত দিয়া গোচৰ কেতিয়াও সমৰ্থন কৰিব নোৱাৰো। এইক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ লগত আছো।’

লগতে বিধায়ক অখিল গগৈয়ে কয়- ‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ সহ্য কৰা নহ’ব। মিজোৰামক অনতিবিলম্বে মুখ্যমন্ত্ৰীৰ ওপৰত থকা গোচৰ উঠাই লবলৈ দাবী জনালো।’

Leave a Comment