মুখ্যমন্ত্ৰীৰ চকীখন মেজিক চেয়াৰ! এতিয়া ডাঙৰ মেজিচিয়ান বহিছে, সেইকাৰণে মানুহ আহিছেঃ ভূপেন বৰা…

নিউজ ডেস্ক। মুখ্যমন্ত্ৰীৰ চকীখন মেজিক চেয়াৰ! এতিয়া ডাঙৰ মেজিচিয়ান বহিছে, সেইকাৰণে মানুহ আহিছে।
এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।
বৰাই কয়-ৰাইজৰ আমাৰ প্ৰতি খং মাৰ যোৱা নাই। খং মাৰ গ’লে ৰাইজে সুযোগ দিব। আমি অধৈৰ্য হোৱা নাই, নিৰ্দিষ্ট সময়লৈকে ৰৈছো। যদি প্ৰতিশ্ৰুতি দিয়া সকলো হৈ যায় মই একো নামাতো।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, বিজেপিৰ সমান আমাৰ টকা নাই সেইবাবে আমি GMC নিৰ্বাচনত ডাঙৰ মিটিং পাতিব পৰা নাই। আমাৰ কমিছনৰ পইছা নাহে। অভাৰব্ৰীজ, ফুটব্ৰীজৰ কমিছনৰ টকা আমি নাপাওঁ, সেইকাৰণে ডাঙৰ মিটিং পাতিব নোৱাৰিলো।
ইপিনে মুখ্যমন্ত্ৰীয়ে দল সলোৱা প্ৰসংগত তেওঁ কয়- কামাখ্যা নহ’লে বটদ্ৰৱা থানলৈ মোৰ লগত ব’লক হিমন্ত বিশ্ব শৰ্মাই দল সলনি নকৰো বুলি শপত খাবলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে।’
সংখ্যালঘু দুজন বিধায়কক Disqualify কৰিবৰ বাবে অধ্যক্ষলৈ চিঠি লিখা হৈছে বুলি মন্তব্য কৰি বৰাই কয় যে আইনমতে অধ্যক্ষই কাম কৰিলে তিনিজন বিধায়কৰ বিধায়ক পদ খাৰিজ হ’ব। আইনমতে কাম নকৰিলে আমি আইনৰ সহায় ল’ম।
লগতে চাওকঃ
RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ
