অসম

ফটোৱা চাউথ ইণ্ডিয়ান চিনেমা নাচাব, RRR, KGF চিনেমা চোৱাতকৈ অসমীয়া চিনেমা চাবঃ জুবিন…

পুনৰ বিহু মঞ্চত জুবিনৰ বিতৰ্কিত মন্তব্য।

প্ৰায়ে মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য দি চৰ্চাত থাকে জুবিন গাৰ্গ।

এইবাৰ পুনৰ এক মন্তব্যই লাভ কৰিছে চৰ্চা।

Image

শিৱসাগৰৰ ৰঙালী বিহুৰ সাংস্কৃতিক মঞ্চত এই চিনেমাক লৈ জুবিনৰ অভিমত।

অনুষ্ঠানত গীত পৰিৱেশন কৰি অসমবাসীক জুবিনৰ আহ্বান, ‘ফটোৱা ছাউথ ইণ্ডিয়ান চিনেমা নাচাব।’

তেওঁ নতুনকৈ মুক্তি পোৱা দুখন চিনেমাৰ নাম উল্লেখ কৰি কয়- ‘KGF, RRR নাচাব। ছাউথ চিনেমাবোৰ কাম নাই, এইবোৰ মটৰ চাইকেল দলি মাৰি দিয়ে, গোৰ মাৰি দিলে ট্ৰাকখন হিলি থাকে। সেইবোৰ গৰু নিচিনাকে চাই থাকে আমাৰ মানুহবোৰে।’

Mission China

‘KGF, RRR চিনেমা চোৱাতকৈ অসমীয়া চিনেমা চাব। সিহঁতক ধনী কৰি লাভ নাই। আমি চিনেমা বনাই আছোঁ, আমাৰ চিনেমা চাওক। আমাৰ মানুহক ধনী কৰিব লাগে।’-জুবিন।

Leave a Reply

Your email address will not be published. Required fields are marked *