নিউজ ডেস্ক। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এক সুখবৰ!
মুকলি হ’ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ (Chief Minister’s Atmanirbhar Asom Scheme) বাবে পঞ্জীয়ন প্ৰক্ৰিয়া।
যােৱা ১২ ছেপ্টেম্বৰ তাৰিখে কেবিনেট বৈঠকত ঘােষণা কৰা এই আঁচনি শনিবাৰে (২৩ ছেপ্টেম্বৰ) আনুষ্ঠানিকভাৱে মুকলি কৰে অসম মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
জনতা ভৱনত অৱস্থিত মুখ্যমন্ত্ৰী ব্ল’কৰ সভাগাৰত এই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকে অসমৰ উদ্যােগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যােগ বিভাগৰ মন্ত্ৰী বিমল বড়া, কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে বিভাগীয় বৰমূৰীয়াসকল।
উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ২ লাখ নিবনুৱাসকলে ২ লাখ টকাৰ ঋণ লাভ কৰিব। ইয়াৰে ১ লাখ টকা চৰকাৰী সাহায্য আৰু ১ লাখ টকা সুদবিহীন ঋণ হিচাপে প্ৰদান কৰা হ’ব।
এই আঁচনিৰ সন্দৰ্ভত কিছুমান বিশেষ তথ্যঃ
১. এই অভিযানে দাৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্ৰ উদ্যোগী যুৱক-যুৱতীসকলক উৎসাহিত কৰি স্ব-উপাৰ্জনৰ সুযোগ-সুবিধা প্ৰদান কৰিব।
২. আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা/দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেশানেৰী, ফেৰিকেচন/হার্ডৱেৰ সামগ্রী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপক সামৰি লোৱা হ’ব।
৩. অহা দুবছৰত আঁচনিখনৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
৪. হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সূদবিহীন চৰকাৰী ঋণ দুটা কিস্তিত ২ লাখ টকাকৈ লাভ কৰিব।
৪. নির্বাচিত হিতাধিকাৰীসকলে উদ্যমিতা, পৰিচালনা আৰু একাউন্টিং দক্ষতা বৃদ্ধিৰ বাবে নির্বাচিত শৈক্ষিক / দক্ষতা প্রশিক্ষণ প্ৰতিষ্ঠানত ১ মাহৰ প্ৰশিক্ষণ ল’ব লাগিব য’ত তেওঁলোকক ১০,০০০ টকাকে বৃত্তি হিচাপে প্ৰদান কৰা হ’ব
হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ
১. হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু বয়সৰ সীমা ২৮ৰ পৰা ৪৮ বছৰৰ (সাধাৰণ শ্ৰেণী) ভিতৰত হ’ব লাগিব শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী উত্তীৰ্ণ হ’ব লাগিব
২. উপার্জন সৃষ্টিকাৰী কার্যকলাপ (আই টি আই, ডিপ্লমা ইত্যাদি)ৰ বাবে প্রয়োজনীয় দক্ষতা, জ্ঞান আদি থাকিব লাগিব।
৩. পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব চৰকাৰী কৰ্মচাৰী/পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ’ব নোৱাৰিব।
৪. প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ’ব।
৫. ১ এপ্রিল, ২০২৩ ৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্র (Employment Exchange)ত পঞ্জীয়ন কৰিব লাগিব।
ইপিনে, ৰাজ্যৰ চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিকৰ ডিগ্ৰীধাৰী নিৰ্বাচিত যুৱক-যুৱতীসকললৈ ৫ লাখ টকা আগবঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰে ২.৫ লাখ টকা প্ৰথম কিস্তিত আৰু বাকী ধন দ্বিতীয় কিস্তিত প্ৰদান কৰা হ’ব।
এই আঁচনিৰ ২.৫ লাখ টকা চৰকাৰী অনুদান হিচাপে প্ৰদান কৰা হ’ব আৰু বাকী ২.৫ লাখ টকা সুদবিহীন ঋণ হিচাপে প্ৰদান কৰা হ’ব।