মানৱদৰদী ৰতন টাটাৰ অৰ্থ সাহায্যৰ বাবেই বৃহস্পতিবাৰে অসমে লাভ কৰিলে ৭খনকৈ কেন্সাৰ হস্পাতাল।
ৰোগীয়া দেহাৰেই দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই অসমলৈ আহি অসমবাসীক উপহাৰ দি গ’ল বহুমূলীয়া উপহাৰ।
দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ এই মহানুভৱতা প্ৰতিজন অসময়ীয়াৰ হৃদয়ত যে এক বিশেষ স্থান লাভ কৰবিলৈ সক্ষম হ’ল সেয়া নিশ্চিত।
অসমবাসীক ৰতন টাটাই যি সহায় আৰু উপহাৰ আগবঢ়াইছে সেয়া যুগ যুগান্তৰলৈ ৰাইজে মনত ৰাখিব।

মানৱদৰদী ৰতন টাটালৈ বিশেষ সন্মান আগবঢ়াইছে এগৰাকী অসমীয়া যুৱকে।
এগৰাকী অসমীয়া যুৱকে প্ৰাণ ঢালি নিৰ্মাণ কৰি উলিয়ালে ৰতন টাটাৰ এক বিশেষ মূৰ্তি।
যোৱা ২০ নৱেম্বৰতে ভাস্কর্য শিল্পীজনে ৰতন টাটাৰ প্ৰতিমূৰ্তিটো নির্মাণ সম্পূৰ্ণ কৰি তাৰ ফটো সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰিছিল।

শেহতীয়াকৈ শিল্পীগৰাকীয়ে ফেচবুকৰ পেজত আপলোড কৰা টাটাৰ প্ৰতিমূৰ্তিৰ ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে।
টাটাৰ সামাজিক কার্যাৱলীয়ে মন ছুই যোৱা বাবেই তেওঁক সন্মান জনাবলৈকে আঢ়ৈ মাহ অশেষ কষ্ট কৰি ভাস্কর্য শিল্পীজনে চিমেন্টৰে নিৰ্মাণ কৰি উলিয়াইছে টাটাৰ সুন্দৰ প্ৰতিমূৰ্তিটো।

এই ভাস্কর্য শিল্পীজনৰ নাম ৰাজীৱ শইকীয়া। নগাঁও জিলাৰ বঢ়মপুৰৰ হালোৱাগাঁৱৰ ভাস্কর্য শিল্পী ৰাজীৱ শইকীয়া পেছাত শিক্ষক। তেওঁ বঢ়মপুৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ত শিক্ষকতা কৰে।
ভাস্কর্য শিল্পীগৰাকীয়ে ৰতন টাটাৰ এক কংক্রিটৰ মূৰ্তি নিৰ্মাণ কৰাৰ পূৰ্বে তিনি শতাধিক বিভিন্ন প্রতিমূর্তি আৰু ভাস্কর্য নির্মাণ কৰিছে।
শইকীয়াই সদৰী কৰা মতে, তেওঁ ‘ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, ৰাধা-কৃষ্ণৰ মূর্তি, নামঘৰৰ শংকৰী সংস্কৃতিৰ বিভিন্ন ভাস্কর্য তৈয়াৰ কৰিছে।

তদুপৰি এবাৰ তেওঁ শিলত ১.২ ছেন্টিমিটাৰ উচ্চতাত গণেশ মূর্তি নির্মাণ কৰি এক অভিলেখো গঢ়িবলৈ সক্ষম হৈছিল। সম্প্ৰতি প্ৰতিমূৰ্তিটো তেওঁ টাটাক গতাবলৈ আগ্রহী।
প্ৰতিমূৰ্তিটো টাটাক উপহাৰ স্বৰূপে দি অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰে শিল্পীগৰাকীয়ে।