অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত মোষ্ট ৱান্টেড কয়লা মাফিয়া আব্দুল আহাদ লস্কৰ…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ আৰক্ষীৰ গুলীত নিহত মোষ্ট ৱান্টেড কয়লা মাফিয়া।

হাইলাকান্দিত আৰক্ষীৰ গুলীত নিহত মোষ্ট ৱান্টেড কয়লা মাফিয়া আব্দুল আহাদ লস্কৰ।

শনিবাৰে নিশা প্ৰায় ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ সিমান্তৰ লক্ষ্মীনগৰ এলেকাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ম’ষ্ট ৱাণ্টেড কয়লা মাফিয়া আব্দুল আহাদক। ইয়াৰ পিছতে আহাদক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়।

কিন্তু সুযোগ বুজি হাস্পতালৰ পৰা পলায়ন কৰে আহাদে।

আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰাৰ বাবে গুলী চলাবলৈ বাধ্য হয় আৰু এই গুলীতে আব্দুল আহাদ লস্কৰৰ মৃত্যু ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *