নিউজ ডেস্ক। ইউক্ৰেইনত এতিয়া যুদ্ধৰ পৰিৱেশ! চৌদিশে কেৱল আৰ্তনাদ আৰু চিৎকাৰ!
এদিন সদম্ভে আকাশলৈ মূৰ তুলি থিয় হৈ থকা ওখ ওখ অট্টালিকাসমূহ আজি একো একোটা ধ্বংসাৱশেষত পৰিণত হৈছে। ৰাছিয়ান সেনাই ইখনৰ পিছত সিখন চহৰত নমাই আনিছে যুদ্ধৰ বিভীষিকা।
ইউক্ৰেইনৰ এই আতংকময় পৰিৱেশৰ মাজতে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা হৃদয়স্পৰ্শী ভিডিঅ’। য’ত শত্ৰুতা পাহৰি এগৰাকী ৰাছিয়ান সেনাক চাহ আৰু নাস্তা খুৱাইছে একাংশ ইউক্ৰেনিয়ানে।

ৰাছিয়ান সেনাজনৰ মাতৃলৈ ফোন কৰি তেওঁ কুশলে থকাৰ খবৰো জনাইছে একাংশ মানৱতাবাদী ইউক্ৰেনিয়ানে।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে, এজন ৰাছিয়ান সেনাই কেইজনমান ইউক্ৰেনিয়ানৰ কাষত থিয় হৈ চাহত চুমুক দিছে। এহাতত তেওঁৰ এটা পেষ্ট্ৰী। ভিডিঅ’টো চাই এনে লাগিছে যেন তেওঁ ভোকাতুৰ হৈ আছিল। হতাশ-বিবৰ্ণতাৰ চাপ ৰাছিয়ান সেনাজনৰ মুখত স্পষ্ট।

ৰাছিয়ান সৈনিকজনে ভিডিঅ’ কলযোগে তেওঁৰ মাতৃৰ সৈতে কথা পাতিছে। সেই সময়তে এজন ব্যক্তিয়ে ইউক্ৰেইনৰ ভাষাত কোৱা শুনা গৈছে- ‘তেওঁলোক ইয়াত কিয় আছে নিজেই নাজানে।’ আন এজনে কোৱা শুনা গৈছে- ‘এয়া তেওঁলোকৰ দোষ নহয়।’
Remarkable video circulating on Telegram. Ukrainians gave a captured Russian soldier food and tea and called his mother to tell her he’s ok. He breaks down in tears. Compare the compassion shown here to Putin’s brutality. pic.twitter.com/KtbHad8XLm
— Christopher Miller (@ChristopherJM) March 2, 2022
এই মৰ্মস্পৰ্শী ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এজনে লিখিছে, “ইউক্ৰেনিয়ানসকলে তেওঁলোকৰ মানৱতা হেৰুৱাব পৰা নাই। ঈশ্বৰে তেওঁলোকক আৰু যুৱ সৈনিকজনক আশীৰ্বাদ কৰক।’’
এজন ব্যৱহাৰকাৰীয়ে ৰাছিয়াৰ আক্ৰমণৰ নিৰ্মম বাস্তৱতাৰ মাজত এই দৃশ্য আশাৰ কিৰণ হিচাপে অভিহিত কৰিছে