
নিউজ ডেস্কঃ মানুহৰ দৰেই সুখদায়ক অৱসৰৰ অধিকাৰৰ আছে কুকুৰকো। সাধাৰণতে বৃদ্ধ হৈ পৰাৰ লগে লগে অকামিলা হৈ পৰা কুকুৰ বা অন্য ঘৰচীয়া জীৱ-জন্তুক অলাগী কৰে গৃহস্থই। কিন্তু তেনে গৃহস্থৰ বাবে এক নজিৰ স্থাপন কৰিছে কেৰালা আৰক্ষীয়ে।
কেৰালাৰ আৰক্ষী বিভাগে থ্ৰিছুৰৰ ৰামবৰ্মাপুৰমৰ কেৰেলা পুলিচ একাডেমীত কুকুৰৰ বাবে স্থাপন কৰিছে এটা বিশেষ অৱসৰ গৃহ। বিশেষকৈ কেৰালা আৰক্ষীৰ কে ৯ স্কোৱাডত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা কুকুৰৰ বাবে আৰক্ষীয়ে স্থাপন কৰিছে ‘বিশ্ৰান্তি’ নামেৰে এই অৱসৰ গৃহটো।
নিৰ্জন অঞ্চলৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা এই আশ্ৰয় গৃহটোত অৱসৰ গ্ৰহণৰ পিছত কুকুৰ সকলক চিকিৎসাকে ধৰি সকলো ধৰণৰ সা-সুবিধাৰ ওপৰত বিশেষ যত্ন ৰখা হৈছে বুলি জানিবলৈ দিয়ে বিশ্ৰান্তিৰ দায়িত্বত থকা ৰমেশ চিয়ে।

ৰমেশ চিয়ে কয়, ”অৱসৰপ্ৰাপ্ত কুকুৰবোৰক পূৰ্বে পশু কল্যাণৰ বাবে কাম কৰা ব্যক্তি বা এন জি অ’ক যত্ন লোৱাৰ বাবে দিয়া হৈছিল। ৰাজ্যৰ আৰক্ষী অধীক্ষক হিচাপে লোকনাথ বেহেৰাৰ কাৰ্যকালত এই প্ৰথা পুনৰীক্ষণ কৰি অৱসৰ গৃহ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল।’ প্ৰশিক্ষিত কুকুৰকেইটাক অসামাজিক কাৰ্যকলাপত ব্যৱহাৰ কৰাৰ সম্ভাৱনাও বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে ৰমেশ চিয়ে।
২০১৯ চনত মুকলি কৰা বিশ্ৰান্তিত বৰ্তমান আছে আৰক্ষীৰ ডগ স্কোৱাডত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা ১৭টা কুকুৰ। ১৩ বছৰীয়া মেক্স, ৯ বছৰীয়া টাৰ্জানকে ধৰি এই অৱসৰ গৃহত এতিয়া দিন পাৰ কৰা আটাই কেইটা কুৰুৰৰ স্বাস্থ্য, খাদ্য আদিৰ বিশেষ যত্ন ৰখা হৈছে।
উল্লেখ্য যে, কেৰালা চৰকাৰৰ শেহতীয়া নিৰ্দেশ অনুসৰি সকলো প্ৰশিক্ষিত আৰক্ষী কুকুৰে ১০ বছৰ সেৱা আগবঢ়াব পাৰিব। যদি কুকুৰটোৰ স্বাস্থ্য ভাল, তেন্তে মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ ভিত্তিত তেনে কুকুৰে আৰু ছমাহ সেৱা আগবঢ়াব পাৰিব। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা কুকুৰক অৱসৰ দি চিকিৎসাৰ বাবে অৱসৰ গৃহলৈ পঠিয়াব পাৰি।