অসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদ, অনির্দিষ্টকাললৈ জীপ ছাফাৰি বন্ধ ঘোষণা

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

শুক্ৰবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বাহবাৰী ৰেঞ্জৰ নিকটৱৰ্তী প্ল’ৰিকেন ক’টেজত অনুষ্ঠিত এখন সংবাদমেলত মানাহৰ জীপ ছাফাৰী এছ’চিয়েচন, হোটেল এছ’চিয়েচন, গাইড এছ’চিয়েচন, ড্ৰাইভাৰ সন্থা, অসম সূত্ৰধৰ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়াই মানাহৰ পৰ্যটকৰ প্ৰৱেশ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনায়।

সংবাদমেলত মানাহৰ হোটেল এছ’চিয়েচনৰ প্ৰাক্তন সম্পাদক বুবুল নাথে বি টি চি চৰকাৰৰ সচিবে দিয়া নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, মানাহত এতিয়া এজন পর্যটকে প্ৰৱেশ কৰিলে দিব লাগে তিনিশ টকা। শনিবাৰ, দেওবাৰ বা বন্ধৰ দিনত দিব লাগে চাৰিশ টকা। যদি পৰ্যটকগৰাকী মথনগুৰিলৈ যায় অতিৰিক্তভাৱে দুশ টকা মাচুল দিব লাগে। ইয়াৰ আগতে মানাহত প্ৰৱেশ কৰাৰ বাবে এজন পৰ্যটকৰ মাচুল আছিল মুঠ এশ টকা। তেনেদৰে গাড়ী এখন প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আগতে মাচুল দিব লাগিছিল তিনিশ টকা। এতিয়া এই মাচুল তিনিশ টকাৰ উপৰি শনিবাৰ, দেওবাৰ বা বন্ধৰ দিনত এখন গাড়ীয়ে অতিৰিক্তভাৱে দুশ টকা, মথনগুৰিলৈ গ’লে অতিৰিক্তভাৱে তিনিশ টকা দিব লাগে। বাহবাৰীৰ পৰা মথনগুৰিলৈ ৫/৬ গৰাকী গ’লে এতিয়া খৰচ হ’ব প্ৰায় ৭,৫০০ টকা। আগতে খৰচ হৈছিল ৩,২০০ টকা।

আনহাতে হাতী ছাফাৰীৰ ক্ষেত্ৰতো মাচুল ৪৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হৈছে।

বুবুল নাথে কয় যে চৰকাৰী এই সিদ্ধান্তৰ ফলত মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা হ্রাস পাব। ইয়াৰ ফলত হোটেল, লজ, জীপ ছাফাৰী ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হ’ব। মানাহৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। গতিকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ মাচুল বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব।

সংবাদমেলত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানচুখ ছাংখাৰিকাই কয় যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিগৰাকী সঞ্চালক আছে, তেওঁৰ মানাহত সেৱা অব্যাহত ৰখা সংগঠনবোৰৰ সৈতে কোনো সম্পর্ক নাই। কোনো সংগঠনৰ লগত আলোচনা নকৰাকৈয়ে মানাহৰ প্ৰৱেশ কৰ বৃদ্ধি কৰিছে। পৰ্যটকৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়াটোক আমি কেতিয়াও মানি নলওঁ।

সংবাদমেলত মানাহ জীপ ছাফাৰী এছ’চিয়েচনে অনির্দিষ্ট কাললৈ জীপ ছাফাৰী বন্ধ ৰখা বুলি ঘোষণা কৰাৰ লগতে কাইলৈৰ দিনৰ ন বজাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰীৰ মুখ্য প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সদৰী কৰে।

Related Articles

Back to top button